Friday, 2 September 2022

ৰচনা দুৰ্গা পূজাৰ ওপৰত//Essay on Durga Puja in Assamese//General knowledge 2022 || Bipin Tamuli ||

ভিডিঅ'টো চাবলৈ ইয়াত 👉 ক্লিক কৰক আৰম্ভণিঃ শাক্তধর্ম হিন্দু সকলৰ এটি প্রধান উৎসৱ হ'ল দুর্গাপূজা। দুগাদেৱীক শক্তিৰ দেৱী হিচাপে পূজা কৰা হয়। মানুহৰ মাজত অপায়-অমঙ্গল, হিংসা আদি এই দেৱীক আৰাধনা কৰিলে আঁতৰ হয় বুলি বিশ্বাস কৰা হয়।
         উৎপত্তিঃ দুর্গাপূজা প্রচলন হােৱাৰ কেইবাটিও কাৰণ আছে। চণ্ডী’ নামৰ পুৰাণৰ মতে, পুৰণি কালত মহিষাসুৰক বধিবৰ বাবে দেৱতা সকলে নিজৰ নিজৰ শক্তিৰে দুগাদেৱীক নির্মাণ কৰিছিল। এই দেৱীয়ে দশভূজা (দহখন হাত) ৰূপে মহিষাসুৰক বধ কৰে। পুৰণি কালত ৰজা সুৰথ আৰু সমাধি বৈশ্যই প্রথমে দুর্গাদেৱীক বসন্ত কালত পূজা কৰিছিল। সেই পূজাকে বাসন্তী পূজা’ ৰূপে এতিয়াও কোনােৱে জামন কৰে। ৰামায়নৰ মতে, শ্ৰীৰামচন্দ্ৰই হেনাে লংকা বিজয় কৰাৰ আগতে কালতে দুর্গাদেৱীক পূজা কৰিছিল। তেতিয়াৰে পৰা সেই পূজা শাৰদীয় পূজা ’ হিচাপে পালন কৰা হয়।
            ভাৰতবৰ্ষত প্রায় সকলাে ঠাইতে এই পূজা পালন কৰা হয়। পশ্চিম বংগত এই পূজা জাতীয় উৎসৱ হিচাপে পালন কৰা হয়। অসম, উৰিষ্যা, দিল্লীতে মহাসমাৰােহেৰে এই পূজা পতা হয়। তদুপৰি বাংলাদেশ, নেপাল আদি দেশত দুর্গা পূজা হয়। ভাৰতৰ কিছুমান ঠাইত দশে’ উৎসৱ হিচাপেও পালন কৰা হয় আজিকালি আমেৰিকা, লণ্ডন আদিতাে দুর্গা পূজা হয়।প্রতিমাৰ বিৱৰণঃ দুগাদেৱীৰ প্রতিমাখনাে বিচিত্র। প্রতিমাখনৰ মাজত দুগাদেৱী। এওঁৰ দহখন হাতত দহবিধ অস্ত্ৰৰে বিভূষিতা। দেৱীৰ সোঁ ভৰিখন বাহ সিংহৰ গাত আৰু বাওঁ ভৰিখন মহিষাসুৰৰ ওপৰত থাকে। দুগাদেৱীৰ সোঁফালে গণেশ আৰু লক্ষ্মীদেৱী, বাওঁফালে কার্তিক আৰু সৰস্বতী দেৱীক ৰখা হয়। প্রতিমাৰ ওপৰত শিৱ দেৱতা বিৰাজমান। গােটেই প্রতিমাখন বিচিত্রভাৱে কাৰুকার্য কৰা হয়।
            উৎসৱটোঃ শৰৎকালত বতৰ পৰিষ্কাৰ হয়। শেৱালি ফুল ফুলি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। এনে সময়তে (আহিন বা কাতি মাহ) দুর্গা পূজা হয়। দুর্গাপূজা ঘৰুৱা ভাৱেও হয়। বেছিভাগ ৰাজহুৱা ভাৱে হয়। বহুতে এই পূজাত নতুন কাপােৰ সহজ অসমীয়া ব্যাকৰণ আৰু ৰচনা কানি, জোতা আদি লয়, পূজা থলীত দোকান-মেলা আদি হয়। বেলুন, পেপা আদি মনােহাৰী বস্তুয়ে লৰা-ছােৱালীক আকর্ষণ কৰে। পূজাকেইদিন থিয়েটাৰ, ভাওনা, আদি হয়। পূজাৰ প্ৰথম দিনা ষষ্ঠী। এই দিনা গোঁসানী প্রতিষ্ঠা কৰা হয়। তাৰ পাছত ক্রমে সপ্তমী, অষ্টমী আৰু নৱমী পূজা। দশমী দিনা দেৱীক বিসর্জন দি নৈ, বিল আদিত উটুৱাই দিয়া হয়। এই দিনটোক ‘বিজয়া দশমী’ বুলি কোৱা হয়।সন্ধ্যা ইজনে সিজনক সম্ভাষণ জনাই মিঠাই আদি বিতৰণ কৰে।
           সামৰণিঃ বর্তমান দুর্গাপূজা কেৱল শাক্তধর্মী হিন্দুৰে নহয়, সকলােৰে বাবে আনন্দ উৎসৱত পৰিণত হৈছে। এই উৎসৱে অশুভ শক্তি নাশ কৰি মানুহৰ মাজত ঐক্য-শান্তি স্থাপন কৰে।

No comments:

Post a Comment