Friday, 2 September 2022

84 টা প্ৰশ্ন // প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম কি আছিল ?General knowledge 2022 || Bipin Tamuli ||

ভিডিঅ'টো চাবলৈ ইয়াত 👉 ক্লিক কৰক
৬৩। অসমত তেলৰ পুং ক'ত ক'ত আছে ?

উত্তৰঃ- অসমত তেলৰ পুং ডিগবৈ, ডুলিয়াজান, নাহৰকটীয়া,মৰাণ, গেলেকী, হুগ্ৰীজান, সোণাৰী, ৰুদ্ৰসাগৰ, লাহোৱাল আদিত।

৬৪। অসম বিধান সভাৰ প্ৰথম মহিলা সদস্যগৰাকীৰ নাম কি ?

উত্তৰঃ- অসম বিধান সভাৰ প্ৰথম মহিলা সদস্যগৰাকীৰ নাম হৈছে- উষা বৰঠাকুৰ।

৬৫। অসমত জুইখলা কাৰখানা ক'ত আছে ? 

উত্তৰঃ- অসমত জুইখলা কাৰখানা ধুবুৰীত আছে।

৬৬। অসমত সাৰ কাৰখানা ক'ত আছে ?

উত্তৰঃ- অসমত সাৰ কাৰখানা নামৰূপত আছে।

৬৭। অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে ?

উত্তৰঃ- অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় দেৰগাওঁ, লালবস্তি ( তেজপুৰ )

৬৮। অসমত গৰম পানীৰ উহঁ ক'ত আছে ?

উত্তৰঃ- অসমত গৰম পানীৰ উহঁ গোলাঘাট জিলাৰ নামবৰ হাবিত।

৬৯। অসমত চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে ?

উত্তৰঃ- অসমত চাহ গৱেষণা কেন্দ্ৰ যোৰহাট আৰু টোকোলাইত।

৭০। অসমত পেট্ৰ' কেমিকেল কমপ্লেক্স ক'ত আছে ?

উত্তৰঃ- অসমত পেট্ৰ'কেমিকেল কমপ্লেক্স নামৰূপত আৰু বঙ্গাইগাওঁত আছে।

৭১। অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম কি ?

উত্তৰঃ- অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম হৈছে- শিলঘাট।

৭২। অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ক'ত ক'ত আছে ?

উত্তৰঃ- অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট, তিনিচুকীয়া, নগাঁও, ডিফু, গুৱাহাটী, তেজপুৰ, বৰপেটা, বঙ্গাইগাঁও।

৭৩। সৈনিক স্কুল অসমৰ কোন ঠাইত আছে ?

উত্তৰঃ- সৈনিক স্কুল অসমৰ গোৱালপাৰা ( মৰনৈ ) আছে।

৭৪। অসমত কৃষি বিশ্ববিদ্যালয় ক'ত আছে ?

উত্তৰঃ- অসমত কৃষি বিশ্ববিদ্যালয় যোৰহাট, বিশ্বনাথ চাঁৰিআলি আছে।

৭৫। অসমৰ ক'ত ক'ত পশুচিকিতসা মহাবিদ্যালয় আছে ?

উত্তৰঃ- গুৱাহাটী ( খানাপাৰা ) আজাদ ( উত্তৰ লক্ষীমপুৰ )।

৭৬। কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি 
উত্তৰঃ- কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম হৈছে- 'জয়মতী কুঁৱৰী'।

৭৭। প্ৰথম অসমীয়া পি.এইচ. ডি কোন ?

উত্তৰঃ- প্ৰথম অসমীয়া পি.এইচ. ডি ড' ময়দুল ইছলাম বৰা।

৭৮। অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাঁতাৰ নাটকখন কি আছিল ?

উত্তৰঃ- অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাঁতাৰ নাটকখনৰ নাম হৈছে- 'বীণ বৈৰাগী'।

৭৮। প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম কি আছিল ?

উত্তৰঃ- প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম আছিল- কাৰ্টুনঃ সম্পাদক পুলক গগৈ।

৭৯। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ?

উত্তৰঃ- গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ।

৮০। অসমৰ প্ৰথম মহিলা স্নাতক কোন কোন ?

উত্তৰঃ- অসমৰ প্ৰথম মহিলা স্নাতক আছিল- সুধালতা দুৱৰা আৰু সুখলতা দুৱৰা।

৮১। কোনে প্ৰথম অসমীয়া ভাষাত চিকাৰ কাহিনী ৰচনা কৰিছিল ?


উত্তৰঃ- দেশভক্ত তৰুণ ৰাম ফুকনে প্ৰথম অসমীয়া ভাষাত চিকাৰ কাহিনী ৰচনা কৰিছিল।

৮২। কোনে প্ৰথমে অসমত চাহগছ আৱিস্কাৰ কৰে ?

উত্তৰঃ- মিঃ এ, চি, ব্ৰচে আৱিস্কাৰ কৰিছিল।

৮৩। অসমৰ প্ৰথমৰ প্ৰথম স্নাতক ( গ্ৰেজুৱেট ) আৰু আই চি. এই. কোন বাৰু ?

উত্তৰঃ- অসমৰ প্ৰথমৰ প্ৰথম স্নাতক ( গ্ৰেজুৱেট ) আৰু আই চি. এই. আনন্দৰাম বৰুৱা। 

৮৪। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল ?

উত্তৰঃ- প্ৰথম অসমীয়া ৰাজ্যপাল আছিল- বিষ্ণুৰাম মেধি।    

No comments:

Post a Comment