Saturday, 27 August 2022

অসমৰ সাধাৰণ জ্ঞানৰ ৬০ টা প্ৰশ্ন উত্তৰ General knowledge 2022 || অসমৰ প্ৰথম বেৰিষ্টাৰ কোন ?Bipin Tamu

ভিডিঅ'টো চাবলৈ 👉 ইয়াত ক্লিক কৰক
৪১। অগ্নিগড় ক'ত অৱস্থিত ?   

উত্তৰঃ- অগ্নিগড় তেজপুৰত অৱস্থিত ।

৪২। দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম কি ?

উত্তৰঃ- দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম হৈছে - নৰকাসুৰ আৰু ভগদত্ত ।

৪৩। আহোমসকলে অসমত কেতিয়া ৰাজ্য স্থাপন কৰিছিল ?

উত্তৰঃ- আহোমসকলে অসমত ১২২৮ খ্ৰীষ্টাব্দত স্থাপন কৰিছিল ।

৪৪। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত হৈছিল ?

উত্তৰঃ- শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত আৰু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল ।        

৪৫। আহোমসকল প্ৰথম আৰু শেষ ৰজা
উত্তৰঃ- আহোমসকল প্ৰথম ৰজাজনৰ নাম চুকাফা আৰু শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহ ।

৪৬। কোন আহোম ৰজাই প্ৰথমে অসমৰ মাটি জৰীফ কৰাইছিল ?

উত্তৰঃ- স্বৰ্গদেউ গদাধৰ সিংহ ৰজাই প্ৰথমতে অসমৰ মাটি জৰীফ কৰাইছিল ।         

৪৭। কোন আহোম ৰজাই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল ?

উত্তৰঃ- স্বৰ্গদেউ প্ৰতাপ সিংহ ৰজাই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল।৪৮। কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি কলিকতাৰ আলিপুৰ জে'লত ৰাখিছিল ?

উত্তৰঃ- পুৰন্দৰ সিংহ ৰজাক ইংৰাজে বন্দী কৰি কলিকতাৰ আলিপুৰ জে'লত ৰাখিছিল।

৪৯। অসমীয়া চুটি গল্পৰ জন কোন ?

উত্তৰঃ- অসমীয়া চুটি গল্পৰ জনকৰ নাম হৈছে- লক্ষ্মীনাথ বেজবৰুৱা।

৫০। আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল ?

উত্তৰঃ- আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম হৈছে- চন্দ্ৰকান্ত সিংহ ।

৫১। অসমীয়া নাট্য সাহিত্যৰ জনক কোন আছিল ? 

উত্তৰঃ- অসমীয়া নাট্য সাহিত্যৰ জনৰ নাম হৈছে- মহাপুৰুষ শংকৰদেৱ ।৫২। অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্যৰ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্যৰ ভট্ৰদেৱে ৰচনা কৰিছিল।

৫৩। সতী জয়মতী কোন আছিল ?

উত্তৰঃ- সতী জয়মতী আছিল- গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহ মাতৃ। ল'ৰা ৰজাই তেওঁক নিৰ্যাতন কৰি জেৰেঙা পথাৰত হত্যা কৰিছিল।

৫৪। অসমীয়া ভাষাত পোন প্ৰথম ছপা হোৱা বুৰঞ্জীখনৰ নাম কি ? 

উত্তৰঃ- অসমীয়া ভাষাত পোন প্ৰথমে ছপা হোৱা বুৰঞ্জীখনৰ নাম হৈছে- ৰাধানাথ বৰবৰা আৰু কাশীনাথ তামুলী ফুকন ৰচিত "অসম বুৰঞ্জী"             । অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্হ কেইখন আৰু কি কি ?

উত্তৰঃ- অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্হ ৪ খন । সেইকেইখন হৈছে- কীৰ্ত্তন, দশম, ভক্তি ৰত্নাৱলী আৰু নামঘোষা।

৫৬। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ- স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল - লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

৫৭। মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্হখনৰ নাম কি ?

উত্তৰঃ- মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্হখনৰ নাম হৈছে- সপ্তকাণ্ড ৰামায়ন।
৫৮। অসমৰ প্ৰথম বেৰিষ্টাৰ কোন ?

উত্তৰঃ- অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে- আনন্দৰাম বৰুৱা।

৫৯। কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰঃ- কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল- শত্ৰু দমন।

৬০।দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিছাপে ঘোষণা কৰা হয় ?

উত্তৰঃ- ১৯৮১ চনৰ ১২ জানুৱাৰীত দীপৰ বিলক পক্ষীৰ অভয়াৰণ্য হিছাপে ঘোষণা কৰা হয়।

৬১। অসমৰ প্ৰথম মহিলা আই এ এছ কোন ?

উত্তৰঃ- পাৰুল দাস অসমৰ প্ৰথম মহিলা আই এ এছ।৬২। সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভুষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যক গৰাকী নাম কি ?

উত্তৰঃ- সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভুষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যক গৰাকী নাম হৈছে- কৃষ্ণকান্ত সন্দিকৈ।

No comments:

Post a Comment